চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি মহানগৰ আৰক্ষীয়ে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন উজান বজাৰৰ বাবু দাস, দিছপুৰ ছুপাৰ মাৰ্কেটৰ অনভেশ চন্দ্ৰা, ভেটাপাৰাৰ চিন্ময় চক্ৰৱৰ্তী আৰু অবিনাশ মাহতু বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযুক্তকেইজনৰ হাতীগাঁৱত থকা এটা ফ্লেটত অভিযান চলাই ৪৪ খন চেকবুক, ১২ খন পাছবুক, ৪৯ খন ডেবিট কার্ড, সংযুক্ত আৰৱ গণৰাজ্য আৰু থাইলেণ্ডৰ বিদেশী মুদ্রা, ১৭ খন চিম কাৰ্ডকে ধৰি বহু সা-সামগ্ৰী জব্দ কৰিছে। এই সন্দৰ্ভত আজি আয়োজিত এখন সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে চাইবাৰ অপৰাধত জড়িত থকা অভিযুক্তকেইজনে বিভিন্ন লোকৰ নামত কৌশলেৰে বেংক একাউণ্ট খুলিছিল। পৰৱৰ্তী পৰ্যায়ত চাইবাৰ অপৰাধী চক্ৰটোৱে ধন সৰবৰাহৰ বাবে এই বেংক একাউণ্টসমূহ ব্যৱহাৰ কৰে বুলি প্ৰকাশ কৰি আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে চক্ৰটোৱে অশিক্ষিত আৰু নিম্ন আয়ৰ লোকক লক্ষ্য হিচাপে লয়। বেংক একাউণ্ট খোলাৰ পাছত পাছবুক, এটিএম কার্ড, চেকবুককে ধৰি সকলো নথিপত্র ডুবাইকে ধৰি আন ৰাজ্যত থকা অপৰাধী চক্ৰলৈ প্ৰেৰণ কৰে বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। চাইবাৰ অপৰাধৰ বিৰুদ্ধে সকলোকে সজাগ-সচেতন হ’বলৈ আহ্বান জনাই আৰক্ষী আয়ুক্ত বৰাই কয় যে পাণবজাৰৰ চাইবাৰ থানাত ২০২৩ চনৰ ছেপ্তেম্বৰৰ পৰা বৰ্তমানলৈকে ৬০৬টা অভিযোগ দাখিল হৈছে। একেদৰে জালিয়াতি সংঘটিত ৩৫ কোটি ৫১ লাখ টকাৰ ভিতৰত ২ কোটি ৫১ লাখ ওভোটাই পাবলৈ সক্ষম হোৱা বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | September 3, 2024 7:30 PM | Akashvani Guwahati | Akashvani News | Cyber crime