নির্বাচনী তৎপৰতাৰ মাজতে আজি মহানগৰৰ হাতীগাঁও আৰক্ষীয়ে ৯জন ব্যক্তিক চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত আটক কৰিছে। ভেটাপাৰা অঞ্চলৰ এটা হোম ষ্টে’ৰ পৰা আটক কৰা ব্যক্তিকেইজন প্রতিবেশী ৰাজ্য পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আটক কৰা অভিযুক্তকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে চাইবাৰ ক্রাইম শাখালৈ হস্তান্তৰিত কৰা হৈছে। ইফালে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিভাগসমূহ সষ্টম হৈ থকাৰ সময়তে আজি চিৰাং জিলাৰ ৰুণীখাটাত ৩খন অবৈধ ভূটানী মদৰ কণ্টেইনাৰ জব্দ কৰা হয়। গোপন তথ্যৰ ভিত্তিত বঙাইগাঁও আবকাৰী বিভাগৰ উদ্যোগত আৰু চিৰাং-কোকৰাঝাৰ আবকাৰী বিভাগৰ সহযোগত চলোৱা অভিযানত প্ৰায় ২ কোটি ৭০ লাখ টকা মূল্যৰ সুৰা জব্দ কৰা হয়। উল্লেখযোগ্য সুৰা সৰবৰাহ কৰা বাহন তিনিখনে নির্বাচনী বিধি উলংঘা কৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা আমদানি কৰা হৈছিল।
Site Admin | April 20, 2024 7:31 PM | Cyber crime