চাংজৌত অনুষ্ঠিত চাইনা অ’পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মালৱিকা বানচাড়ৰ সুন্দৰ প্ৰদৰ্শনৰ আজি সমাপ্তি ঘটে। প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মালৱিকা দুবাৰৰ বিশ্ব চেম্পিয়ন জাপানৰ আকানি য়ামাগুচিৰ হাতত ১০-২১, ১৬-২১ ছেটত পৰাজিত হয়। এইবাৰৰ প্ৰতিযোগিতাত এই পর্যায়লৈকে খেলা বানচ’ড়ে হৈছে একমাত্ৰ ভাৰতীয়। নাগপুৰৰ খেলুৱৈগৰাকীয়ে কালি ৰাউণ্ড অব 16ত আকর্ষণীয় প্রদর্শনেৰে স্কটলেণ্ডৰ কৃষ্টি গিলমোৰক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰথম ৰাউণ্ডত মালৱিকাই বিশ্বৰ সাত নম্বৰ স্থানৰ খেলুৱৈ তথা পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা ইণ্ডোনেছিয়াৰ গ্ৰেগৰিয়া টুনজোঙক পৰাস্ত কৰিছিল। উল্লেখযোগ্য যে, পি ভি সিন্ধু আৰু চাইনা নেহৱালৰ পাছতেই বিশ্বৰ ৪৩ সংখ্যক স্থানত থকা মালৱিকা বানচ’ড় হৈছে ছুপাৰ ৱান থাউজেন টুর্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয়।
Site Admin | September 20, 2024 6:33 PM