ভাৰতৰ পুৰুষৰ ৰিকাৰ্ভ দলে পূৰ্বৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাজিত কৰি চাংহাইত অনুষ্ঠিত আৰ্ছাৰীৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছে। খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱৰে গঠিত ভাৰতীয় দলটিৰ এই জয়ে বিশ্বকাপ আৰ্ছাৰীত খেলুৱৈত্ৰয় প্ৰথমটো ঐতিহাসিক জয় হিচাপে পৰিগণিত হোৱাৰ উপৰি আগন্তুক পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্ভাৱনা বৃদ্ধি কৰিছে। চলিত আৰ্ছাৰী বিশ্বকাপত এতিয়ালৈকে ভাৰতে ৫ টা সোণ, এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে পূৰ্বৰ প্ৰথম পৰ্যায়ৰ খেলুৱৈ দিপিকা কুমাৰীয়ে আজি অনুষ্ঠিত হ’বলগীয়া মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাত পদক লাভৰ যুঁজত অৱতীৰ্ণ হ’ব। ইপিনে, এছিয়ান গেমছৰ খিতাপ বিজয়ী জ্যোঠি সুৰেখা ভেন্নামে ব্যক্তিগত শাখাত কালি দেশৰ হৈ চতুৰ্থটো সোণৰ পদক লাভ কৰাৰ বিপৰীতে ভাৰতীয় খেলুৱৈ প্ৰিয়ান্সে ব্যক্তিগত শাখাত ৰূপৰ পদক লাভ কৰে ৷
Site Admin | April 28, 2024 6:21 PM | Archery
চাংহাইত অনুষ্ঠিত আৰ্ছাৰীৰ বিশ্বকাপত ভাৰতৰ পুৰুষ ৰিকাৰ্ভ দলৰ সোণৰ পদক লাভ
