ডাউনলোড
মোবাইল এপ

android apple
signal

September 30, 2024 11:33 AM | Business | investment

printer

চলিত মাহ পর্যন্ত ভাৰতৰ ইকুৱিটী বজাৰত বিদেশী বিনিয়োগকাৰীৰ ৫৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ

চলিত মাহ পর্যন্ত ভাৰতৰ ইকুৱিটী বজাৰত বিদেশী বিনিয়োগকাৰীয়ে ৫৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী পর্টফলিঅ বিনিয়োগকাৰী FPI-য়ে ইকুৱিটী বজাৰত ৫৭ হাজাৰ ৩৫৯ কোটি টকা বিনিযোগ কৰিছে আৰু ই হৈছে বিগত ৯ মাহৰ ভিতৰত সৰ্বোচ্চ বিনিয়োগ। তেওঁলোকে লগতে ঋণ বজাৰত ৮৭৭ কোটি টকা বিনিয়োগ কৰিছে আৰু ইয়াৰ জৰিয়তে চলিত মাহত ভাৰতীয় মূলধনী বজাৰত মুঠ বিনিয়োগৰ পৰিমাণ ৫৮ হাজাৰ ২৩৬ কোটি টকা হৈছে। চলিত বৰ্ষত এতিয়ালৈকে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতীয় মূলধনী বজাৰত মুঠ ২ লাখ ১০ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ কৰিছে। ইয়াৰে ভিতৰত ইকুৱিটী বজাৰত ১ লাখ ২৪৫ কোটি টকা বিনিয়োগ কৰাৰ বিপৰীতে ঋণ বজাৰত কৰা বিনিয়োগৰ পৰিমাণ হৈছে ১ লাখ ৯ হাজাৰ ২৮৫ কোটি টকা।

অধিক পঢ়ক

সকলো চাওক