August 29, 2024 1:19 PM | Peraolympics

printer

চলিত বৰ্ষৰ পেৰালিম্পিক প্রতিযোগিতাত ১৬৭ দেশৰ ৪,৪০০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

পেৰিছত কালি চলিত বৰ্ষৰ পেৰালিম্পিক প্রতিযোগিতা আৰম্ভ হৈছে। পেৰিছত অনুষ্ঠিত আকর্ষণীয় অনুষ্ঠানৰ পাছত এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। প্রতিযোগিতা ১৬৭ খন দেশৰ ৪ হাজাৰ ৪০০ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। ২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকৰ সোণৰ পদক বিজেতা জেভলিন খেলুৱৈ সুমিত অনতিল আৰু বিশ্ব অভিলেখ সৃষ্টি কৰা টেবল টেনিছ খেলুৱৈ ভাগ্যশ্রী যাদৱে উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ধবজা বহন কৰে। প্ৰতিযোগিতাত এইবাৰ ভাৰতৰ ৮৪ জনীয়া খেলুৱৈ দলে ভাগ লৈছে। এয়া হৈছে পেৰালিম্পিকত ভাগ লোৱা দেশৰ সৰ্ববৃহৎ দল। ভাৰতে ২২টা শিতানৰ ভিতৰত ১২টাত ভাগ ল’ব। কৃষ্ণা নাগৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ খিতাপ অক্ষুন্ন ৰখাৰ প্ৰয়াস কৰিব। আনহাতে অৱনি লেখাৰু আৰু মনিষ নৰেৱালে শ্বুটিঙৰ নিজ নিজ শাখাৰ বাবে সাজু হৈছে। ভাৰতীয় খেলুৱৈসকলে আজি আৰ্চাৰী, চাইক্লিং, টাইকাণ্ডো, ছুইমিং আৰু টেবল টেনিছত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৮ ছেপ্তেম্বৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব ।

অধিক পঢ়ক

সকলো চাওক