চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কালি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং, তামুলপুৰ আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয় সামৰি লোৱা হয়। এই পৰ্যায়ত ৰাজ্যৰ ১৫ হাজাৰ ৬৫০ খন বিদ্যালয়ত ১৩ লাখ ৮৪ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু আনুসাংগিক মূল্যায়ন কৰা হয়। গুণোৎসৱত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ উপৰি চাহ বাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্র বসু আদর্শ বিদ্যালয় আৰু চাহ বাগিচাৰ মালিকানাধীন আন বিদ্যালয়সমূহৰ শৈক্ষিক মূল্যায়ন হয়।
অহা ৪ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ ১০ খন জিলা ক্রমে বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, দৰং, ডিব্ৰুগড়, ডিমা-হাচাও, গোৱালপাৰা, মাজুলী, মৰিগাঁও আৰু নলবাৰীক সামৰি তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব।