May 9, 2024 1:12 PM | AHSEC

printer

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২-৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২-৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২-৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫ দশমিক ৭-৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।   শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২ লাখ ৭৩ হাজাৰ ৯০৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ২ লাখ ৪২ হাজাৰ ৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

ফলাফল অনুসৰি কলা শাখাত মুঠ ৪১ হাজাৰ ১৩৩ গৰাকী, বিজ্ঞান শাখাত ২৫ হাজাৰ ৪৩৭ গৰাকী, বাণিজ্য শাখাত ৬ হাজাৰ ১৯২ গৰাকী আৰু বৃত্তিমুখী শাখাত ১৬৩ গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ৬৬ হাজাৰ ৪০৮ গৰাকী দ্বিতীয় বিভাগত, ৬৯ হাজাৰ ৮৯০ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত ২৫ হাজাৰ ৪৩৭ গৰাকী প্ৰথম বিভাগত, ১৮ হাজাৰ ২০১ গৰাকী দ্বিতীয় বিভাগত আৰু ৫ হাজৰ ৫৪৯ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত ৬ হাজাৰ ১৯২ গৰাকী প্ৰথম বিভাগত,  ৬ হাজাৰ ৫২ গৰাকী দ্বিতীয় বিভাগত আৰু ৩ হাজাৰ ১১২ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বৃত্তিমুখী শাখাত ১৬৩ গৰাকী প্ৰথম বিভাগত, ৪৪৫ গৰাকী দ্বিতীয় বিভাগত আৰু ১৪০ গৰাকী পৰীক্ষাৰ্তী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

ফলাফলত প্ৰকাশ পোৱা মতে এইবাৰৰ পৰীক্ষাত কলা শাখাত বাক্সা জিলাই প্ৰথম স্থান, নলবাৰী জিলাই দ্বিতীয় স্থান আৰু দৰং জিলাই তৃতীয় স্থান লাভ কৰিছে। আনহাতে বিজ্ঞান শাখাত তামুলপুৰ আৰু শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে বাক্সা আৰু যোৰহাট জিলাই দ্বিতীয় স্থান আৰু বৰেপটা আৰু কামৰূপ জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে বাণিজ্য শাখাত বজালী জিলাই প্ৰথম স্থান, ব্ক্সা আৰু তামুলপুৰ জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু নগাওঁ জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে।  

অধিক পঢ়ক

সকলো চাওক