চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে৷ দ্বীপ ৰাষ্ট্ৰ খনৰ লোকপিয়ল আৰু পৰিসংখ্যা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি স্থিৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন বিগত বছৰৰ তৃতীয় ত্রৈমাসিকৰ ২.৯৮৭ ট্রিলিয়ন শ্ৰীলংকাৰ টকাৰ পৰা বৃদ্ধি পাই প্রায় ৩.১৫২ ট্রিলিয়ন শ্ৰীলংকাৰ টকা হৈছেগৈ। এই বৃদ্ধিৰ মূলতে আছে কৃষিক্ষেত্ৰত ৩%, ঔদ্যোগিক কাৰ্য্যকলাপত ১০.৮%, আৰু সেৱাখণ্ডত ২.৬% বিকাশ। ইফালে, বিগত বছৰৰ ডিচেম্বৰত মুঠ ঘৰুৱা উৎপাদনত ঋণৰ পৰিমাণ ১০৫.৪৯% ৰ পৰা চলিত বছৰৰ ছেপ্টেম্বৰ মাহত ১০১.৮% লৈ হ্ৰাস পাইছে৷ অৱশ্যে মুঠ ঋণ যোৱা বছৰৰ ডিচেম্বৰ মাহত ২৯,১৪৬ বিলিয়ন টকাৰ পৰা এই বছৰৰ ছেপ্টেম্বৰ মাহত ৩০,০২৫ বিলিয়ন লংকা টকালৈ বৃদ্ধি পাইছে। অর্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত ২০২২ চনৰ এপ্ৰিল মাহত শ্রীলংকাই বহিঃ ৰাষ্ট্ৰৰ ঋণ পৰিশোধৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়। দ্বীপ ৰাষ্ট্ৰখনে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ সন্মুখীন হোৱাৰ উপৰি আৰু অত্যাৱশ্যকীয় সামগ্রী আমদানি কৰাটোও কঠিন হৈ পৰিছিল। কিন্তু ভাৰত, চৰকাৰী ঋণ প্রদানকাৰী সমিতিৰ সদস্য আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সক্ৰিয় সমৰ্থনত দ্বীপটোৱে ২০২২ আৰু ২০২৩ চনত নিৰাশাজনক প্ৰদৰ্শনৰ পিছত ইতিবাচক বৃদ্ধিলৈ ঘূৰি আহি নিজৰ অৰ্থনীতি সুস্থিৰ কৰিবলৈ সমৰ্থ হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কে শেহতীয়াকৈ ভাৰত ভ্ৰমণত ব্যৱসায়ী সমাজক সাক্ষাৎ কৰি শ্ৰীলংকাত বিনিয়োগকাৰীৰ বাবে অনুকূল পৰিৱেশৰ ওপৰত আলোকপাত কৰে আৰু ভাৰতীয় উদ্যোগীসকলক দেশখনত বিনিয়োগৰ সুযোগসমূহ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।
Site Admin | December 18, 2024 2:14 PM | Economy | Sri Lanka