ডাউনলোড
মোবাইল এপ

android apple
signal

চলিত বছৰৰ গুণোৎসৱত শিৱসাগৰ জিলা প্রথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলা তৃতীয় স্থানত

চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কালি ঘোষিত ফলাফল অনুযায়ী এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্রথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সূচাৰূৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰে দ্বিতীয় আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিছে। এইবাৰ ১৩ হাজাৰ ৩০০ খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু ১৩ হাজাৰ ৯৯২ খন বিদ্যালয়ে এ গ্রেড লাভ কৰিছে। একেদৰে ১৪ লাখ ৬৪ হাজাৰ ৮০৮ গৰাকী শিক্ষাৰ্থীয়ে এ প্লাছ গ্ৰেড আৰু ১২ লাখ ছহেজাৰ ৪৪২ গৰাকী শিক্ষার্থীয়ে এ গ্রেড লাভ কৰিছে। এই উপলক্ষে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা ১১ হাজাৰ ৫৯৪ খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু ২৫ হাজাৰ টকাকৈ উদগনিমূলক অনুদান আগবঢ়ায়। অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত ৪ হাজাৰ ৩২০ গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত এইবাৰৰ গুণোৎসৱত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক প্ৰদৰ্শন উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। শিক্ষক বদলিকৰণ তথা এজনীয়া শিক্ষকক কেন্দ্ৰ কৰি সময়ে সময়ে হৈ অহা চৰ্চাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত প্রাক্তন শিক্ষক-শিক্ষাবিদক লৈ এখন শিক্ষা আয়োগ গঠনৰ পোষকতা কৰে। বিষয়টোৰ ক্ষেত্ৰত ৰাইজৰ মতামত গ্রহণৰ আৱশ্যকতা আছে বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক গুণগত শিক্ষা দানৰ সংকল্পৰে চৰকাৰে ২০১৭ চনৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱত এইবেলি ৪৪ হাজাৰ ৭৭ খন বিদ্যালয়ৰ ৩৮ লাখ ৯৮ হাজাৰৰো অধিক শিক্ষার্থীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ প্ৰদৰ্শনত শীৰ্ষ জিলা আৰু গুণগত মানৰ ঐক্যসাজ যোগানত শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত হোৱাৰ পাছত  শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহত আনন্দমুখৰ পৰিবেশ বিৰাজ কৰিছে। জিলাখনৰ ৪৬৩ খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু ১৯২খন বিদ্যালয়ে এ গ্রেড লাভ কৰিছে। এইবাৰৰ গুণোৎসৱত ধেমাজি জিলাৰ ৪১৬খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু ৩৫৬ খন বিদ্যালয়ে এ গ্রেড লাভ কৰিছে। জিলাখনত এইবাৰ এহেজাৰ ৪৫৫ খন বিদ্যালয়ৰ ৯১ হাজাৰ ৩৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছিল ৷

অধিক পঢ়ক

সকলো চাওক