ডাউনলোড
মোবাইল এপ

android apple
signal

চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ দেহাৱসান

যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিতালত দেহাৱসান ঘটে। দীর্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভূগি থকা চলচ্চিত্র নির্মাতাগৰাকীয়ে যোৱা ১৪ ডিচেম্বৰত ৯০ বছৰ সম্পূৰ্ণ কৰিছিল। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰাৰ সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মান্দি, মন্থন, চৰ্দাৰী বেগম, জুবেইদা ইত্যাদি। শেহতীয়াকৈ তেওঁ ভাৰত আৰু বাংলাদেশৰ যৌথ উদ্যোগত মুজিদঃ দ্যা মেকিং অৱ এ নেচন নামৰ হিন্দী আৰু বাংলা দ্বিভাষিক ছবি নির্মাণ কৰিছিল। দূৰদৰ্শনৰ হৈও তেওঁ ভাৰত এক খোজ আৰু সমিধানৰ দৰে বহু জনপ্ৰিয় ধাৰাবাহিক নিৰ্মাণ কৰিছিল। ১টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্ম ফেয়াৰ বঁটাৰে বিভূষিত বেনেগালে ২০০৫ চনত দাদা চাহেব ফাল্কে, ১৯৭৬ চনত পদ্মশ্ৰী আৰু ১৯৯১ চনত পদ্ম ভূষণ সন্মানেৰে সন্মানিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক