ডাউনলোড
মোবাইল এপ

android apple
signal

চলচ্চিত্র নির্মাতা ৰাম গোপাল বার্মাক চেক বাউন্স হোৱা গোচৰত ৩ মাহৰ সাধাৰণ কাৰাবাসৰ দণ্ড

মুম্বাইৰ আন্ধেৰীৰ দণ্ডাধীশলৰ আদালতে দেশৰ খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা ৰাম গোপাল বার্মাক চেক বাউন্স হোৱা এটা গোচৰত দোষী সাব্যস্ত কৰি তিনি মাহৰ সাধাৰণ কাৰাবাসৰ দণ্ড বিহিছে। হস্তান্তৰযোগ্য লেখা অধিনিয়মৰ ১৩৮ নম্বৰ ধাৰাৰ অধীনত মহেশ চন্দ্ৰ মিশ্ৰ নামৰ ব্যক্তিএগাৰাকীয়ে প্ৰতিনিধিত্ব কৰা শ্ৰী নামৰ এটা প্রতিষ্ঠানে সাত বছৰ পূৰ্বে এই গোচৰটো ৰুজু কৰিছিল। গোচৰটোৰ শুনানি গ্ৰহণ কৰি আন্ধেৰী দণ্ডাধীশৰ আদালতে শ্রী বার্মাক দোষী সাব্যস্ত কৰি তেওঁক কাৰাদণ্ড বিহে। এই কাৰাবাসৰ অতিৰিক্তভাৱে অভিযোগকাৰীক ক্ষতিপূৰণ হিচাপে তিনি মাহৰ ভিতৰত তিনি লাখ ৭২ হাজাৰ টকা আদায় দিবলৈকো তেওঁক নির্দেশ দিয়া হৈছে। ক্ষতিপূৰণৰ ধন আদায় নিদিলে তেওঁক অতিৰিক্ত তিনি মাহৰ বাবে কাৰাবাস খাটিব লাগিব। শুনানিৰ সময়ত চলচ্চিত্ৰ নিৰ্মাতাগৰাকী অনুপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত আদালতে তেওঁৰ বিৰুদ্ধে জামিন বিহীন গ্রেপ্তাৰি পৰোৱানা জাৰি কৰি ৰায়দান কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট থানাক নির্দেশ দিয়ে। বিচাৰৰ সন্মুখীন হোৱা চলচ্চিত্র নির্মাতাগৰাকীয়ে তেওঁৰ আইনী পৰামৰ্শদাতাসকলে বিষয়টো অধ্যয়ন কৰি আছে বুলি উল্লেখ কৰি, আদালতৰ বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই সন্দৰ্ভত কোনো ধৰণৰ মতামত প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে।

অধিক পঢ়ক

সকলো চাওক