আজি নিচেই পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটা বিশিষ্ট চলচ্চিত্র নির্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি মঙলদৈত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা মঙলদৈলৈ নিয়া হয় আৰু তেওঁৰ শৱদেহ মঙলদৈৰ হাউলী-মোহনপুৰৰ পৈতৃক বাসগৃহত ৰখা হয়। মঙলদৈত আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে প্রয়াত চলচ্চিত্ৰ পৰিচালকগৰাকীৰ প্ৰতি ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে। মঙলদৈৰ বিধায়ক বসন্ত কুমাৰ দাস, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, মঙলদৈ ইউনাইটেড ক্লাব, জিপটী গীল্ড মঙলদৈকে ধৰি ভালেসংখ্যক ব্যক্তি তথা অনুষ্ঠান- প্রতিষ্ঠানে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ নশ্বৰ দেহত অন্তিম শ্রদ্ধাঞ্জলি জনায়। দৰঙী ৰাজপৰিয়ালৰ সন্তান বিশিষ্ট চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ আজি পুৱা প্ৰায় চাৰে চাৰি বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮৫ বছৰ বয়সত দেহাৱসান ঘটে। ১৯৭১ চনত অৰণ্য ছবিৰে ছবি পৰিচালনাত হাত দিয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱে তেওঁৰ প্ৰথমখন ছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। পুতলা ঘৰ ছবিৰ বাবেও তেওঁ ১৯৭৬ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ আন ছবিসমূহৰ ভিতৰত আছে সোণৰ হৰিণ, ৰাজা, কাজিৰঙাৰ কাহিনী আৰু বীৰ চিলাৰায়। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও ভালেকেইখন ধাৰাবাহিক আৰু তথ্য চিত্ৰ নিৰ্মাণ কৰিছিল।
Site Admin | January 26, 2025 8:15 PM | Samarendra Narayan Dev