চত্তিশগড়ৰ বাস্তাৰ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত সুৰক্ষা বাহিনীৰ ১২ গৰাকী জোৱান আহত

চত্তিশগড়ৰ বাস্তাৰ জিলাত আজি হোৱা এটা বাছ দুৰ্ঘটনাত সুৰক্ষা বাহিনীৰ ১২ গৰাকী জোৱান আহত হয়। ইয়াৰে তিনিগৰাকীৰ অৱস্থা সংকটজনক। এই জোৱানকেইজন চত্তিশগড়ৰ বাস্তাৰত নিৰ্বাচনী কর্তব্য সমাপন কৰাৰ উদ্দেশ্যে বাছেৰে গৈ থকা অৱস্থাত দুর্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে, আজি নিচেই পুৱা আন এখন বাহনক ৰক্ষা কৰিবলৈ গৈ জোৱানকেইগৰাকী ভ্ৰমণ কৰা বাছখন লুটি খাই পৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মধ্য প্ৰদেশৰ দ্বিতীয় বেটেলিয়নৰ জোৱানকেইগৰাকীয়ে প্ৰথম পৰ্য্যায়ৰ নির্বাচনী কর্তব্য সম্পন্ন কৰি দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ কৰ্তব্য পালনৰ উদ্দেশ্যে গৈ থকা অৱস্থাত বাস্তাৰ জিলাৰ দিলমিলিৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে, যোৱা ১৯ এপ্ৰিলত বাস্তাৰ লোকসভা সমষ্টিত নিৰ্বাচনৰ ভোটগ্রহণ হৈছিল।

অধিক পঢ়ক

সকলো চাওক