চত্তিশগড়ৰ বীজাপুৰ জিলাত মাওবাদীয়ে সুৰক্ষা বাহিনীৰ এখন বাহনত বিস্ফোৰণ ঘটোৱাৰ ফলত ৮ জন জোৱানৰ লগতে বাহনৰ চালকজনৰ মৃত্যু হয়। বাষ্টৰ খণ্ডৰ কুৰু আৰক্ষী চকীৰ অন্তৰ্গত আমবেলিৰ সমীপত মাওবাদীয়ে এই কুটাঘাট সম্পন্ন কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দান্তেৱাৰাৰ জিলা সংৰক্ষিত সুৰক্ষা বাহিনীৰ ৯ জন জোৱানে আৰক্ষীৰ সৈতে এটা যুটীয়া অভিযানৰ পাছত ঘুৰি অহাৰ সময়তে কুঞ -বেদ্ৰে পথত মাওবাদীয়ে আক্রমণ চলায়। এই ঘটনাত এজন জোৱান নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। মাওবাদীয়ে শক্তিশালী লেণ্ডলাইন মাইন বিস্ফোৰণেৰে সুৰক্ষা বাহিনীৰ বাহনখন উৰুৱাই দিয়াৰ পাছত সুৰক্ষা কৰ্মীসকললৈ গুলি বৰ্ষণ কৰাৰ ফলতে জোৱানকেইজনৰ মৃত্যু হয়।
কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিহত জোৱান কেইজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। জোৱানসকলৰ এই ত্যাগ কেতিয়াও অথলে নাযায় বুলি আশ্বাস দি শ্রীশ্বাহে কয়, যে ২০২৬ চনৰ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ’ব ।
Site Admin | January 6, 2025 7:41 PM | Maoist Attacked
চত্তিশগড়ত মাওবাদীৰ আক্ৰমণত ৮ জন জোৱানৰ লগতে বাহনৰ চালকৰ মৃত্যু
