■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ তত্বাৱধানত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | March 30, 2025 3:40 PM | Assam cricket | Dibrugarh | SPORTS | T20
চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ
