May 27, 2024 6:21 PM | Remal NDRF

printer

ঘূৰ্ণী বতাহ ৰেমলৰ তীব্ৰতা হ্ৰাস পাইছে : এন ডি আৰ এফ

ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মোহছেন শ্বাহিদীয়ে কৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি ঘূৰ্ণী বতাহ ৰেমলৰ তীব্ৰতা হ্ৰাস পাইছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে প্ৰতি ঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগত অহা ৰেমলৰ গতিবেগ বর্তমান ৬০ৰ পৰা ৭০ কিলোমিটাৰ হৈছে। শ্ৰীশ্বাহিদীয়ে কয় যে আজি সন্ধিয়াৰ ভিতৰত ইয়াৰ গতিবেগ হ্ৰাস পোৱাৰ আশা কৰা হৈছে। তেওঁ কয় যে ৰেমলৰ ফলত কলকাতাত এখন পকীবেৰ খহি যোৱাৰ ফলত এগৰাকী লোকৰ মৃত্যু হয়। তেওঁ কয় যে পশ্চিম বংগৰ সৰ্বাধিক ক্ষতিগ্রস্ত অঞ্চলসমূহত বৰ্তমান সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ১৪টা এন ডি আৰ এফৰ গোটক উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে আৰু ছটা এছ ডি আৰ এফ গোটে তেওঁলোকক সহযোগিতা আগবঢ়াইছে। তেওঁ লগতে কয় যে সতর্কতামূলক ব্যৱস্থা হিচাপে এন ডি আৰ এফৰ এটা দল ত্ৰিপুৰাতো নিয়োগ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক