ডাউনলোড
মোবাইল এপ

android apple
signal

May 25, 2024 11:32 AM | NCMC Cyclone

printer

ঘূৰ্ণী বতাহত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটী NCMC য়ে বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ল’বলগীয়া প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি কেবিনেট সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত এখন বৈঠকত মিলিত হয়। বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে বংগোপ সাগৰৰ মধ্যভাগত বাংলাদেশৰ খেপুপাৰাৰ পৰা প্ৰায় ৮০০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পশ্চিমত আৰু পশ্চিমবংগৰ কেনিঙৰ ৮১০ কিলোমিটাৰ পশ্চিমত সৃষ্টি হোৱা নিম্ন চাপৰ স্থিতিৰ বিষয়ে কমিটীক অৱগত কৰে। পশ্চিমবংগৰ মুখ্য সচিবে কমিটীক ঘূৰ্ণী বতাহৰ কবলত পৰা সম্ভাৱনা থকা এলেকাসমূহত ধন-জনৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা সতর্কতামূলক ব্যৱস্থাৰ বিষয়ে জনায়। মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাযাবলৈ আৰু ইতিমধ্যে মাছ ধৰিবলৈ যোৱা সকলক ঘূৰি আহিবলৈ কোৱা হৈছে। জিলা নিয়ন্ত্রণ কক্ষসমূহো সক্ৰিয় কৰি তোলা হৈছে আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে। পর্যাপ্ত ঔষধ, বিদ্যুৎ যোগান আৰু জৰুৰীকালীন সেৱাসমূহ যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি তোলা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ঘূৰ্ণী বতাহৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ১২টা দল নিয়োগ কৰিছে আৰু ৫টা অতিৰিক্ত দল সাজু কৰি ৰাখিছে। স্থলসেনা, নৌ বাহিনী আৰু উপকূলৰক্ষী বাহিনীৰ উদ্ধাৰ আৰু সাহায্য দলসমূহো জাহাজ আৰু বিমানৰ সৈতে সাজু কৰি ৰখা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই কলকাতা আৰু পাৰাদ্বীপৰ বন্দৰসমূহলৈ নিয়মীয়াভাৱে সতৰ্কতা আৰু পৰামৰ্শ জাৰি কৰি আছে। শক্তি মন্ত্ৰ্যালয়ে ঘূৰ্ণী বতাহৰ ফলত বিদ্যুৎ যোগান ব্যাহত হ’লে ততালিকে বাহাল কৰাৰ বাবে জৰুৰীকালীন দল নিয়োগ কৰিছে।

অধিক পঢ়ক

সকলো চাওক