May 26, 2024 12:35 PM | school timing

printer

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰায়বোৰ জিলাৰে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰায়বোৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি কৰা হৈছে। কামৰূপ মহানগৰ, চিৰাং আৰু শোণিতপুৰ জিলা প্রশাসনে জাৰি কৰা নির্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া ১ বজালৈ নির্ধাৰণ কৰা হৈছে।

একেদৰে, মৰিগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পূৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১১ বাজি ১৫ মিনিটলৈ আৰু উচ্চ প্রাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ১৫ মিনিটলৈ নিৰ্ধাৰণ কৰা হৈছে। জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৫৫ মিনিটলৈ ধাৰ্য কৰা হৈছে।

বঙাইগাঁও জিলাৰ নিম্ন প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা ১১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নির্ধাৰণ কৰা হৈছে।

ইপিনে, কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ নির্ধাৰণ কৰা হৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ডেৰ বজালৈ নির্ধাৰণ কৰা হৈছে।

তদুপৰি শিক্ষানুষ্ঠানসমূহক পর্যাপ্ত শীতল খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। গ্রীষ্ম প্রবাহৰ ফলত স্বাস্থ্যজনিত সমস্যাত ভোগা শিক্ষার্থীক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নির্দেশনা জাৰি কৰা হৈছে। ইয়াৰ উপৰি বিদ্যালয়সমূহত মুকলি আকাশৰ তলত খেলা-ধূলা আৰু প্রাতঃ সভা আদি নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে বিদ্যালয়সমূহক নির্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে লগতে এই সময়ত হ’ব পৰা ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক