May 26, 2024 6:46 PM | Local news

printer

গ্ৰীষ্ম প্ৰৱাহৰ ফলত তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত হাপানী, ডায়েৰীয়াৰ লগতে ভাইৰেল জ্বৰত আক্ৰান্ত

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰ জিলাতো গ্ৰীষ্ম দাহত জনসাধাৰণ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে হাপানী, ডায়েৰীয়াৰ লগতে সাধাৰণ ভাইৰেল জ্বৰত শিশু আৰু বৃদ্ধ ব্যক্তিসকল চিকিৎসালয়ত ভর্তি হবলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাইজক বিভিন্ন ক্ষেত্ৰত সতৰ্ক হ’বলৈ নাগ্ৰিজুলি আদর্শ চিকিৎ‍সালয়ৰ উপ অধীক্ষক ডাঃ দিগন্ত কুমাৰ বড়োৱে সংবাদ মাধ্যমযোগে আহ্বান জনায়। জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ লগতে নাৰিকলৰ পানী, নেমু চৰবত ইত্যাদি খাবলৈ পৰামৰ্শ আগবঢ়াই উপ অধীক্ষকগৰাকীয়ে ধুলি বালি আৰু প্ৰদূষণৰ ফলত এই সময়ছোৱাত ভাইৰেল ৰোগসমূহ দেখা দিছে বুলি মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক