গ্ৰীষ্ম প্রবাহৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নির্বাচন আয়োগৰ টাস্ক ফ’ৰ্চ গঠন

নির্বাচন আয়োগে প্ৰতিটো পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গ্ৰীষ্ম প্রবাহৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এটা টাস্ক ফ’ৰ্চ গঠন কৰিছে। এই টাস্ক ফ’ৰ্চত নির্বাচন আয়োগে, ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলক সন্নিবিষ্ট কৰিছে। তেওঁলোকে ভোটগ্ৰহণৰ ৫ দিন আগতে গ্ৰীষ্ম প্রবাহ আৰু আৰ্দ্ৰতাৰ ফলত সৃষ্টি হব পৰা উদ্বেগজনক পৰিস্থিতি আৰু ইয়াৰ প্ৰশমনমূলক ব্যৱস্থাৰ সন্দৰ্ভত পর্যালোচনা কৰিব। আয়োগে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াসকলৰ সৈতেও পৃথক পৰ্যালোচনা কৰি ভোটগ্রহণ কেন্দ্ৰসমূহত ৰ’দৰ পৰা ৰক্ষা পাবলৈ তম্বু, খোৱাপানী, ফেন আৰু অন্যান্য ন্যূনতম সুবিধাসমূহৰ পর্যাপ্ত ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। অহা ২৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে গ্ৰীষ্মৰ প্ৰভাৱ চিন্তনীয় নহয় বুলি ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক প্রধানে নির্বাচন আয়োগক অৱগত কৰে। এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৱা ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বতৰ স্বাভাৱিক হৈ থাকিব বুলিও জনায়। দেশৰ কিছুমান অঞ্চলত স্বাভাৱিকতকৈ অধিক উষ্ণতা আৰু গৰমৰ ঢৌৰ পৰিপ্ৰেক্ষিতত আয়োগে আজি সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে এখন বৈঠকত মিলিত হৈ পৰিৱৰ্তনশীল বতৰৰ পৰিস্থিতি বুজিবলৈ আৰু গৰম বতৰৰ ফলত হোৱা যিকোনো বিপদ কমোৱাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। আলোচনাত নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সিন্ধুৱে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক