গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশ জাৰি কৰা হৈছে। যোৰহাট জিলাত উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয় পাঠদানৰ সময়-সূচী সন্দৰ্ভত কিছু নির্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ স্বাভাৱিক সময়সূচী আগুৱাই আনি নতুন সূচী নিৰ্দ্ধাৰণ কৰা হৈছে। নিৰ্দেশনা অনুসৰি নিম্ন প্রাথমিক বিদ্যালয়সমূহত পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ, উচ্চ প্রাথমিক বিদ্যালয়সমূহত পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা ৭-৩০ বজাৰ পৰা ১ বজালৈ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে পুৱা প্ৰাৰ্থনা সভা ছাঁ পৰা ঠাই অথবা শ্ৰেণীকোঠাত অনুষ্ঠিত কৰাৰ লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, শ্ৰেণীকোঠাসমূহত বিজুলী পাংখাৰ সুনিশ্চিতি কৰাৰ বিষয়ে বিদ্যালয় পৰিদৰ্শকে নির্দেশ জাৰি কৰে। নির্দেশনাটোত ছাত্ৰ-ছাত্ৰীসকলৰ সাজ-পোছাকৰ ক্ষেত্ৰত ব্লেজাৰ, কোট, টাই আদি পৰিধান কৰাৰ পৰা বিৰত ৰখাৰ লগতে জোতা পিন্ধি অস্বস্তি অনুভৱ কৰিলে চেণ্ডেল পৰিধান কৰিব পাৰিব বুলি কোৱা হৈছে। গৰমৰ সময়ছোৱাত বিদ্যালয় কর্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোনো ধৰণৰ বৰ্হিক্রীড়াজাতীয় কার্যসূচী আয়োজন কৰিব নোৱাৰিব বুলিও নির্দেশনাটোত কোৱা হৈছে। বিদ্যালয় চৌহদৰ সমীপত আইচক্ৰীম, ফুস্কাৰ দৰে ভজা- পোৰা জাতীয় খাদ্য বিক্ৰী কৰাৰ ক্ষেত্ৰত বিদ্যালয় কর্তৃপক্ষই তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক এইবোৰ খোৱাৰ পৰা বিৰত ৰাখিবলৈ বিদ্যালয় পৰিদৰ্শকে আহ্বান জনাইছে। এই নিৰ্দেশনা কাইলৈৰ পৰা পৰৱৰ্ত্তী আদেশ নিদিয়া পর্যন্ত বাহাল থাকিব।

নলবাৰী জিলাতো জিলাখনৰ অতিৰিক্ত আয়ুক্তই দিয়া নির্দেশ অনুযায়ী নিম্ন প্রাথমিক বিদ্যালয়সমূহ ৭-৩০ বজাৰ পৰা দুপৰীয়া ১১-৩০ বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ পুৱা  ৭-৩০ বজাৰ পৰা দুপৰীয়া ১১ বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ কাৰণে পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ পাঠদানৰ সময়সূচী পুনঃনিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয়সমূহত পুৱা প্ৰাৰ্থনা সভা বিদ্যালয় প্ৰাঙ্গনৰ পৰিৱৰ্তে শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কাইলৈৰ পৰা কাৰ্যকৰী হ’বলগীয়া নির্দেশনাটো অনুযায়ী বিদ্যালয় কর্তৃপক্ষক প্রতিজন ছাত্র-ছাত্ৰীৰ বাবে খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে।

কামৰূপ মহানগৰ, চিৰাং আৰু শোণিতপুৰ জিলাতো জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে, মৰিগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ -৩০ মিনিটৰ পৰা ১১ -১৫ মিনিটলৈ আৰু উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭-৩০ মিনিটৰ পৰা দুপৰীয়া ১ -১৫ মিনিটলৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭-৩০ মিনিটৰ পৰা দুপৰীয়া ১-৫৫ মিনিটলৈ ধাৰ্য কৰা হৈছে।

বঙাইগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা ১১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইপিনে, কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ডেৰ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে বিদ্যালয়সমূহক নির্দেশসমূহ মানি চলিবলৈ আহ্বান জনাইছে লগতে এই সময়ত হ’ব পৰা ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক