October 11, 2024 11:39 AM | NABARD

printer

গ্ৰামাঞ্চলৰ পৰিয়ালৰ আয় ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি : নাবাৰ্ড

গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, নাবাৰ্ডৰ সৰ্বভাৰতীয় গ্রাম্য বিত্তীয় অন্তর্ভুক্তি জৰীপ অনুসৰি গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ গড় মাহিলী আয় ২০২১-২২ বৰ্ষত ২০১৬-১৭ বৰ্ষৰ ৮,০৫৯ টকাৰ পৰা ১২,৬৯৮ টকালৈ বৃদ্ধি পাইছে। একেদৰে পৰিয়ালসমূহৰ গড় মাহিলী ব্যয়ো ৬,৬০০ টকাৰ পৰা ১১,২০০ টকাৰো অধিক হৈছে। জৰীপ অনুসৰি এই সময়ছোৱাত গড় সঞ্চয়ো প্রায় ৯,১০০ টকাৰ পৰা ১৩,২০০ টকালৈ বৃদ্ধি পাইছে। প্রায় ৬৬ শতাংশ পৰিয়ালৰ সঞ্চয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫০.৬ শতাংশ বৃদ্ধি হৈছে। গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ মাজত বীমাৰ সুবিধা গ্ৰহণ কৰা পৰিয়ালৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। জৰীপৰ তথ্য অনুসৰি কমেও এগৰাকী সদস্যই বীমাৰ সুবিধা গ্ৰহণ কৰা পৰিয়ালৰ অনুপাত ২৫.৫ শতাংশৰ পৰা ৮০ শতাংশৰো অধিক হৈছে। নাবাৰ্ডৰ জৰীপত লগতে গ্রামাঞ্চলৰ খেতিয়কসকলক বিত্তীয় ব্যৱস্থাত সামৰি লোৱাৰ ক্ষেত্ৰত কিষাণ ক্রেডিট কাৰ্ডৰ ফলপ্ৰসূতাৰ বিষয়ে আলোকপাত কৰা হৈছে। পেন্সন ব্যৱস্থাত সামৰি লোৱা পৰিয়ালৰ সংখ্যাও প্রায় ১৯ শতাংশৰ পৰা ২৩.৫ শতাংশলৈ বৃদ্ধি পাইছে বুলি জৰীপত উল্লেখ কৰা হৈছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত বকেয়া ঋণৰ অনুপাত ২০১৬-১৭ বৰ্ষৰ প্ৰায় ৪৭ শতাংশৰ পৰা ৫২ শতাংশলৈ বৃদ্ধি পাইছে।

অধিক পঢ়ক

সকলো চাওক