May 1, 2024 1:02 PM | Weather

printer

গ্রীষ্ম প্ৰৱাহৰ কবলত সমগ্ৰ দেশ

সমগ্র দেশ গ্রীষ্ম প্ৰৱাহত দহিছে বুলি এটা বিবৃতিৰ জৰিয়তে দেশৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গ্রীষ্ম প্ৰৱাহ চলি থকাৰ সময়তে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৪ দিনত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পশ্চিমবংগ, বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি বিশেষ সতর্কতা জাৰি কৰিছে। তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, কেৰালা, তামিলনাড়ু আৰু পুডুচেৰীতো অহা ৪ দিনলৈ বতৰ গৰম আৰু আদ্ৰ হৈ থাকিব পাৰে বুলি বিভাগটোৱে আগলি বতৰা দিছে। অৱশ্যে এই সময়ছোৱাত মধ্য ভাৰতত তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী চেলছিয়াছ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক