গ্রীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ পাঠদানৰ সময় কিছু সাল-সলনি জিলা প্ৰশাসনৰ

ৰাজ্যখনত বিগত কিছুদিন ধৰি অব্যাহত থকা গ্রীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলা প্রশাসনে ছাত্র- ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰ পাঠদানৰ সময় কিছু সাল-সলনি কৰাৰ বাবে কৰ্তৃপক্ষসমূহলৈ নিৰ্দেশ জাৰি কৰিছে। গোলাঘাট জিলা প্রশাসনে অহা শনিবাৰৰ পৰা জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে শ্ৰেণীসমূহৰ পাঠদান পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি বিদ্যালয়সমূহৰ প্ৰাৰ্থনাসভা পুৱা ৮ বজাত অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি নিম্ন প্ৰাথমিক শ্ৰেণীসমূহ চাৰে ১২ বজালৈ, মধ্য প্রাথমিক শ্রেণীসমূহ দিনৰ ১ বজালৈ তথা উচ্চ আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহ দিনৰ ডেৰ বজালৈ অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া হৈছে। প্রচণ্ড গৰমৰ বাবে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। সেই অনুসৰি অহা ১ জুনৰ পৰা প্ৰতিখন বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাত আৰম্ভ কৰা হ’ব। আনহাতে, প্ৰাথমিক পৰ্যায়ত চাৰে ১২ বজালৈ, মধ্য প্রাথমিকত ১ বজালৈ, উচ্চ আৰু উচ্চ মাধ্যমিক পৰ্যায়ত ডেৰ বজালৈ পাঠদান চলিব। লখিমপুৰ জিলা প্ৰশাসনেও গ্রীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি ঘটাইছে। জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনামৰ্মে আজিৰপৰা নতুন সময় কাৰ্যকৰী কৰা হৈছে। এই অনুসৰি বিদ্যালয়সমূহৰ নিম্ন প্রাথমিক শ্ৰেণীসমূহৰ পাঠদান পুৱা চাৰে ৭ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি মধ্য আৰু উচ্চ প্ৰাথমিক শ্ৰেণীসমূহত পুৱা চাৰে ৭ বজাৰ পৰা দিনৰ চাৰে ১২ বজালৈ তথা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহত পুৱা চাৰে ৭ বজাৰ পৰা দিনৰ ১ বজালৈ পাঠদান কৰা হ’ব। নগাওঁ জিলাৰ শিক্ষানুষ্ঠানসমূহতো পাঠদানৰ সময়সূচী সাল-সলনি কৰা হৈছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰা নিৰ্দেশমৰ্মে আজিৰপৰা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ চাৰে ১২ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান দিনৰ ১ বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান দিনৰ ডেৰ বজালৈ কৰা হ’ব। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত এই সময়সূচী অব্যাহত থাকিব বুলি কোৱা হৈছে। ইপিনে, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি পুৱাৰ সমাবেশ মুকলি ঠাইৰ পৰিৱৰ্তে শ্ৰেণীকোঠা বা বাৰাণ্ডাত কৰিবলৈ কোৱা হৈছে। তদুপৰি শিশুসকলক পৰ্যাপ্ত পানী সেৱন কৰিব পৰাকৈ প্ৰতিদিনে ৩ বাৰকৈ পানী খোৱা ছুটিৰ বেল বজাবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক