গ্রামাঞ্চলত কেঁচা ঘৰ নাইকীয়া কৰিবলৈ ৰাজ্য চৰকাৰৰ লক্ষ্য নির্ধাৰণ

● গ্রামাঞ্চলত কেঁচা ঘৰ নাইকীয়া কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান, গ্রাহক পৰিক্রমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নগাঁৱত কালি এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি এইদৰে কয়। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্রামোন্নয়ন, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, খাদ্য, অসামৰিক যোগান আক গ্রাহক পৰিক্রমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্রগতিৰ খতিয়ান লয়। বৈঠকত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ এমজিএনৰেগাৰ লগতে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ কাম-কাজ, অমৃত সৰোবৰ আদি বিষয়ৰো পর্যালোচনা কৰা হয়। মন্ত্রী দাসে লোকনির্মাণ বিভাগে কবিৰ নোৱাৰা পঞ্চায়তৰ অধীনস্থ সৰু-সুৰা বাস্তাৰ কাম এম জি এনৰেগাৰ অধীনত কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত অসমে ২০ লাখ বাসগৃহ লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াবে ১৯ লাখ ২০ হাজাৰ বাসগৃহ নির্মাণৰ কাম সম্পূর্ণ হৈছে। এইক্ষেত্ৰত নগাঁও জিলাৰ সাফল্যৰ হাব ৯৩ শতাংশ বুনি প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত বাকী থকা গৃহ নির্মাণৰ কাম ৩০ ছেপ্তেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ এইক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিব আৰু বিভাগৰ কৰ্মচাৰীসকলে একত্ৰিত হৈ কাম কৰাত গুৰুত্ব দিয়ে। মন্ত্রী দাসে কয় যে প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৰাজ্যখনে পুনৰ ১ লাখ ৭১ হাজাৰ ৫৯৩ টা গৃহৰ অনুমোদন লাভ কৰিছে। তেওঁ কয় যে ৰাজ্যখনৰ পঞ্চায়ত এলেকাসমূহত কেঁচা ঘৰ নাইকীয়া কৰাব বাবে চৰকাৰে কাম কৰি আছে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত ‘এক জিলা, এক উৎপাদন’ নীতিৰ অংশ হিচাপে নগাঁও জিলাত যিকোনো এবিধ বিশেষ সামগ্রী উৎপাদনত মন্ত্রীগৰাকীয়ে আহ্বান জনায়। মন্ত্রীগৰাকীয়ে কয় যে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্রমা বিভাগে অনাগত দিনত ২০ লাখ লোকৰ নাম ৰেচন কাৰ্ডত অন্তর্ভুক্তিৰ ব্যৱস্থা লৈছে। পঞ্চায়ত নির্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্ত্রী দাসে কয় যে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম চলি আছে আৰু ১৬ ছেপ্তেম্বৰত ইয়াৰ খচৰা প্ৰকাশ কৰা হ’ব। এই সন্দৰ্ভত কিবা ওজৰ-আপত্তি থাকিলে ২৬ ছেপ্তেম্বৰৰ ভিতৰত সংশ্লিষ্ট কর্তৃপক্ষ ওচৰত দাখিল কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক