গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱত আজি তামিল ভাষাৰ নাট তিনধান চৰ্থীৰাম আৰু দিনৰ আঢ়ৈ বজাত কিষাণ ৰাজ নামৰ নাটখন মঞ্চস্থ কৰা হ’ব। বিশিষ্ট চিত্রশিল্পী ৰবিৰাম ব্ৰহ্মই কালি পুৱা এই নাট সমাৰোহৰ শুভাৰম্ভ কৰে। কালি পুৱাৰ ভাগত দদান ৰজা নামৰ ৰাভা ভাষাৰ নাটখন পৰিৱেশন কৰা হয়। তদুপৰি দিনৰ আঢ়ৈ বজাত বড়ো ভাষাৰ নাট মংলি মঞ্চস্থ কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট নাট্যকর্মী প্ৰয়াত শুক্রাচাৰ্য্য ৰাভাই আৰম্ভ কৰা বাদুংদুপ্পা কলাকেন্দ্ৰই বিগত ১৪ বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত থকা কেইবাশ শালগছৰ মাজৰ এডোখৰ মাটিক মঞ্চৰ ৰূপ দি দিনৰ পোহৰত নাট মঞ্চস্থ কৰি আহিছে। বনাঞ্চলত মঞ্চ তৈয়াৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত কোনোধৰণৰ যান্ত্ৰিক শব্দ, বৈদ্যুতিক পোহৰ আদি অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত কৰা হয়। থলুৱা সা-সঁজুলি আৰু থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দি লোক নাট্য সংস্কৃতিক ব্যতিক্ৰমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্যে বাদুংদুপ্পা কলাকেন্দ্ৰই আয়োজন কৰা এই নাট সমাৰোহত পশ্চিমবংগ আৰু চেন্নাইৰ নাট্য দলেও নাট পৰিৱেশনত অংশ লৈছে।
Site Admin | December 16, 2024 12:51 PM | badungdubba kalakendra