৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ গোৱাত কালিৰে পৰা আৰম্ভ হৈছে। ৪১ খন দেশৰ লগতে অন্যান্য খণ্ডৰ ১৮০ খন ছবি এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব। প্ৰথমবাৰৰ বাবে এইবাৰ ভাৰতীয় চলচ্চিত্ৰ শিতানত শ্ৰেষ্ঠ নৱাগত পৰিচালক শাখা অন্তৰ্ভুক্ত কৰা হৈছে। এই শিতানত ৫ খন ছবি বাচনি কৰা হৈছে। এই ৫খন ছবিৰ ভিতৰত মণিপুৰৰ লক্ষ্মীপ্রিয়া দেৱী পৰিচালিত মণিপুৰী ছবি বুং আছে। ছবিখনৰ চিত্ৰনাট্যও লক্ষ্মীপ্রিয়া দেৱীৰ। স্কুলীয়া ছাত্ৰ এজনে পিতৃক বিচৰাৰ লগতে পৰিয়ালক এক গোট কৰিবলৈ কৰা সংগ্রামক কেন্দ্ৰ কৰি ছবিখন দর্শকলৈ আগবঢ়োৱা হৈছে। অহা ২৮ নৱেম্বৰত এই মহোৎসৱৰ সামৰণি পৰিব ।
Site Admin | November 21, 2024 8:04 PM