গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱত আজি ৰাজেশ ভূঞাই পৰিচালনা কৰা স্বৰ্গৰথ ছবিখন প্ৰদৰ্শিত হয়। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবিখনে দেশ-বিদেশৰ বহু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে। উল্লেখযোগ্য যে বিগত ২৫ বছৰত এই মহোৎসৱৰ মূল শাখাত স্থান লাভ কৰা স্বৰ্গৰথ হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ। ইয়াৰ আগেয়ে ১৯৯৯ চনত অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা যৌৱনে আমনি কৰে চলচ্চিত্ৰ খন এই মহোৎসৱৰ মূল শাখালৈ বাছনি লাভ কৰিছিল। কালি ড০ ববী শৰ্মা বৰুৱাই পৰিচালনা কৰা ৰ’দৰ পাখি শীৰ্ষক ছবিখন প্ৰদৰ্শন কৰা হয়। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ প্ৰতি সংবেদনশীলতাৰে নিৰ্মাণ কৰা এই ছবিখনে ভাৰতীয় পেন’ৰামাত প্ৰদৰ্শন কৰা হয়। দেশ-বিদেশৰ চলচ্চিত্র প্ৰেমী সমাৱেশ ঘটা এইবাৰৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহীৰূহ ৰাজকাপুৰ, তপন সিংহ, মহম্মদ ৰফী আৰু আক্কিনেনি নাগেছৰ ৰাওৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজি কলা একাডেমীত আয়োজিত এটা অনুষ্ঠানত ৰাজকাপুৰৰ কমৰাজি প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত ৰাজকাপুৰৰ নাতি তথা জনপ্রিয় অভিনেতা ৰণবীৰ কাপুৰে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই চলচ্চিত্র মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০খন ছবি প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। বিভিন্ন শিতানত এইবাৰ প্ৰায় ৪০০ খন ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত বিশ্বৰ ৮১খন দেশক প্ৰতিনিধিত্ব কৰা ১৮০খন বিদেশী ছবি আছে। এইবাৰৰ মহোৎসৱত অষ্ট্ৰেলিয়াক মূল দেশৰূপে স্বীকৃতি দিয়া হৈছে আৰু অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ শুভাৰম্ভ কৰা হয়।
Site Admin | November 24, 2024 6:41 PM | iffi