গোলাঘাট জিলা পুথি ভঁৰালত আজি বহনক্ষম গ্ৰাম্য ৰোজগাৰ উৎপাদন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত তথা নুমলীগড় শোধনাগাৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্রী অজন্তা নেওগে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ গোলাঘাট সমষ্টিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ লগতে নুমলীগড় শোধনাগাৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী, গোলাঘাট পৌৰ সভাৰ পৌৰপতি আৰু আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।