গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ ভিন্ন কার্যসূচী

গোলাঘাট জিলাত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হ’ব। গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনে কেইবাটাও কার্যসূচী গ্ৰহণ কৰিছে। আজি পুৱা গোলাঘাট জিলাৰ আৱতৰ্ভৱন চৌহদত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীত বিত্তমন্ত্রী অজন্তা নেওগে অংশগ্ৰহণ কৰে। জিলা দিৱস উপলক্ষে প্ৰাচীৰ পত্রিকা উদ্বোধন কৰাৰ লগতে আৱৰ্ত ভৱন চৌহদত গ্রন্থদান কার্যসূচী অনুষ্ঠিত হয়। এই দিৱস উপলক্ষে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে জিলাখনৰ প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিভাগীয় আঁচনি সন্দৰ্ভত জনসচেতনতা সভাৰো আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক