গোলাঘাট জিলাৰ হালধীবাৰীত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোলাঘাট জিলাৰ হালধীবাৰী অঞ্চলত বন বিভাগে চলোৱা অভিযানত আজি দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক কৰা হৈছে। ইফালে, বানপানীৰ পৰিপ্ৰেক্ষিতত বন্য প্রাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্রশাসনে ট্রাক চলাচলৰ ক্ষেত্ৰত কেতবোৰ নতুন নির্দেশনা জাৰি কৰিছে। এই অনুযায়ী আজিৰে পৰা পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাজিৰঙাৰ মাজেৰে ট্ৰাকৰ চলাচল স্বাভাৱিকভাৱে হ’ব বুলি নিৰ্দেশনা প্রদান কৰা হৈছে। আনহাতে, সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ট্ৰাকৰ চলাচল সম্পূর্ণ বন্ধ থাকিব। অন্যান্য যান-বাহনসমূহ পূৰ্বৰ দৰে স্বাভাৱিকভাৱে নিয়ন্ত্রিত গতিত চলাচল কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক