মৰিয়নীৰ নাগিনীজানত আফ্রিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ পাছত গোলাঘাট জিলাৰ কাজিৰঙাতো পশু চিকিৎসক আৰু কৰ্মচাৰীসকল এই বিষয়ত সতৰ্ক হৈ পৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া গাহৰিয়ে সঘন বিচৰণ কৰা অঞ্চলসমূহত কাষৰীয়া গাঁওসমূহত পালন কৰা ঘৰচীয়া গাহৰি সততে প্রবেশ কৰাৰ পৰিপ্ৰেক্ষিতত বন কৰ্মচাৰী আৰু পশু চিকিৎসকসকলে সতর্কতা অৱলম্বন কৰিছে। বনৰীয়া গাহৰিলৈ বেমাৰবিধৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া গাঁওসমূহৰ ঘৰচীয়া গাহৰিবোৰ নিধন কৰা হৈছে। ইয়াৰ লগতে পশু চিকিৎসকসকলে জিলাখনৰ গাহৰি পালকসকলক সজাগ হোৱাৰ বাবে আহ্বান জনায়।
Site Admin | June 2, 2024 8:19 PM | African swine fever