September 3, 2024 6:57 PM | Akashvani | Golaghat

printer

গোলাঘাটৰ জিলা আয়ুক্ত ডা০ উদয় প্রবীণৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্রধানমন্ত্রী আদর্শ গ্রাম যোজনাৰ সভা

গোলাঘাটৰ জিলা আয়ুক্ত ডা০ উদয় প্রবীণৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্রধানমন্ত্রী আদর্শ গ্রাম যোজনা এখন সভা অনুষ্ঠিত হয়। সভাখনত এই আঁচনিখনৰ কাম-কাজ আৰু অগ্ৰগতিৰ খতিয়ান লোৱা হয়। জিলা আয়ুক্তগৰাকীয়ে এই যোজনাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকলক প্ৰদান কৰিবলগীয়া সুবিধাসমূহ ৭ ছেপ্তেম্বৰৰ ভিতৰত প্ৰদান কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত, জিলা চক্র বিষয়া, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক