September 18, 2024 8:12 PM | Vice President

printer

গোলকীয় নৱীকৰণযোগ্য শক্তি সন্মিলনৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভাষণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ধৰিত্ৰীক ৰক্ষা কৰাৰ উদ্দেশ্যে সমূহীয়া প্ৰয়াসৰ হকে আহ্বান জনাইছে। গান্ধীনগৰৰ মহাত্মা মন্দিৰত অনুষ্ঠিত গোলকীয় নৱীকৰণযোগ্য শক্তি সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে আহ্বান জনায়। শ্ৰী ধনখড়ে কয় যে, ভৱিষ্যৎ প্ৰজন্মক এখন বাসপোযোগী পৃথিবী উপহাৰ দিয়াৰ বাবে পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱাতো প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব। তেওঁ কয় যে, ভাৰত ক্ৰমান্বয়ে বিকাশৰ পথেৰে অগ্ৰসৰ হৈছে আৰু দেশত তৃণমূল পৰ্যায়ত আমূল পৰিৱৰ্তন হৈছে। উদ্ভাৱন আৰু জলবায়ু পৰিৱৰ্তনৰ বিভিষীকাৰ সন্মুখীন হোৱাৰ বাবে নতুন পন্থাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জলবায়ু সংৰক্ষণৰ বাবে দেশে চলোৱা প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক