ডাউনলোড
মোবাইল এপ

android apple
signal

April 29, 2024 12:29 PM | Amrit sah

printer

গৃহমন্ত্রী অমিত শ্বাহৰ আজি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি ৰাজ্যখনলৈ আহিব। তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। শ্ৰী শ্বাহে আজি মহানগৰত বৃহৎ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ নিৰ্বাচনী সূচীৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে কেতবোৰ পথত যান-বাহনৰ চলাচলত বিশেষ নির্দেশনা জাৰি কৰিছে। এই পথসমূহত ড্ৰোণৰ উৰণ আৰু আতচবাজী নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। মহানগৰ যান-বাহন নিয়ন্ত্রণ শাখাই এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি আজি ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভি আই পি উৰণ সেঁতুৰ পৰা জালুকবাৰী ৰটাৰী পৰ্যন্ত দুপৰীয়া ১২ বজাৰ পৰা নিশা ৯ বজালৈকে বাণিজ্যিক যান-বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰী তিনিআলিৰ হৈ লালগণেশলৈকে পথছোৱাত বিশেষ নির্দেশনা বাহাল থাকিব। মহানগৰৰ আন কেইবাটাও পথতো যান-বাহন চলাচলৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও অংশগ্ৰহণ কৰিব ।

অধিক পঢ়ক

সকলো চাওক