ডাউনলোড
মোবাইল এপ

android apple
signal

May 23, 2024 1:13 PM | Carbide fruits

printer

গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান

খাদ্য সুৰক্ষা বিভাগে কালি গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচী বজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি দলটোৱে বিক্ৰী কৰা আমৰ নমুনা সংগ্ৰহ কৰি কাৰ্বাইডৰ উপস্থিতি পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক নডেল বিষয়া অনিল শর্মাই জনাই যে কাৰ্বাইডৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে খাদ্য সুৰক্ষা আৰু মান আইন ২০১১ অনুসৰি ফল-মূলত ৰাসায়নিক দ্রব্য তথা গেছ ব্যৱহাৰ কৰি বজাৰত বিক্ৰী কৰাটো অবৈধ হিচাপে বিবেচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক