পথ দুর্ঘটনা হ্রাস কৰাৰ লক্ষ্যৰে বছৰটোৰ শেষ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষী আৰু পৰিবহণ বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত পৰিবহণ মন্ত্রী যোগেন মহন আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাস উপস্থিত থাকে। মহানগৰীৰ জি এছ ৰোডৰ এ বি চি পইণ্টৰ লগতে আৰ জি বৰুৱা পথ, চানমাৰি, শিলপুখুৰী আদি বিভিন্ন স্থানত পৰিবহণ মন্ত্ৰীগৰাকী উপস্থিত থাকি অভিযান পর্যবেক্ষণ কৰে। যিসকল চালকে সুৰাপান নকৰাকৈ গাড়ী চলাইছিল তেওঁলোকক পৰিবহণ বিভাগৰ তৰফৰ পৰা এপাহ গোলাপ ফুল আৰু চকলেট দি অভিনন্দন জনোৱা হয়। জিলা পৰিবহণ বিষয়াগৰাকীয়ে জনোৱা মতে ৩১ ডিচেম্বৰৰ পুৱতি নিশালৈকে সুৰাপন কৰি গাড়ী চলোৱাৰ ফলত হোৱা দুর্ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই। ১৩ ডিচেম্বৰৰ পৰা চলা এই অভিযানত ৩ হাজাৰ ৮০০ খন বাহনৰ চালকক পৰীক্ষা কৰা হৈছিল। ডবকাতো সুৰা সেৱন কৰা গাড়ী চলোৱাৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগে অভিযান চলায়। হোজাই আৰু নগাঁৱৰ সীমান্তবর্তী সৰুপথাৰত পুৱতি নিশালৈকে এই অভিযান চলোৱা হয়। বিগত ১৫ দিনৰ পৰা অঞ্চলটোত নিয়মীয়াকৈ সুৰাসক্ত গাড়ীচালকৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে দুর্ঘটনাৰ সংখ্যা হ্রাস পাইছে বুলি জিলা পৰিবহণ বিষয়াই জানিবলৈ দিছে।
Site Admin | January 1, 2025 3:48 PM | Assam Police | CM Himanta Biswa Sarma