ডাউনলোড
মোবাইল এপ

android apple
signal

April 30, 2024 7:24 PM | Assam Election

printer

গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ চাৰিটা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ৭ মে’ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব। এই চাৰিটা সমষ্টিত বর্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতা-কৰ্মীসকলে প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰিছে । উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনত মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ৬ গৰাকী মহিলা প্রার্থী। এই নিৰ্বাচনত মুঠ ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটদাতাই ভোটদান কৰিব। ভোটদাতাসকলৰ ভিতৰত ৪১ লাখ ৫৪৪ গৰাকী পুৰুষ, ৪০ লাখ ৪৮ হাজাৰ ৪৩৬ গৰাকী মহিলা ভোটাৰ আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। এই ভোটদাতাসকলে ৯ হাজাৰ ৫১৬টা ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰিব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী, দুধনৈ, চমৰীয়াকে আদিকে ধৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে। গুৱাহাটী মহানগৰৰ ৰাজগড় বিহুতলীত বিজেপি মিত্ৰজোঁটৰ প্রার্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে, নবেন্দ্র মোদী প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা দেশৰ লগতে অসমতো ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছে। প্ৰসংগক্ৰমে তেওঁ সম্প্ৰতি ৰাজ্যৰ প্ৰায়বিলাক সমস্যাই সমাধানৰ পথত বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চমৰীয়াৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সহযোগ, সঁহাৰি প্ৰত্যক্ষ কৰি উৎসাহিত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলাৰ বংজুলীত গুৱাহাটী লোকসভা সমষ্টিৰ বিজয় সংকল্প সমাৱেশ শীর্ষক বিশাল নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কবে। ইপিনে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৱাম টুকীয়ে আজি গুৱাহাটীৰ লালমাটিত ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ প্ৰচাৰ চলায়। অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাই মহানগৰীৰ চানমাৰিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলায়। আনহাতে, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ ধুবুৰী লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা সর্বানন্দ সোণোৱালে বাক্সাৰ থমনাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায়। সাংবাদিকৰ আগত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে, জনসাধাৰণৰ সহযোগিতাই মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয় নিশ্চিত কৰিছে। মন্ত্রীগৰাকীয়ে আৰু কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যৰ বাবে জনসাধাৰণ অতি আনন্দিত । ইফালে, বাক্সাৰ চূণবাৰী আৰু শালবাৰীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ময়ো কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ কাৰ্য চলায়। মন্ত্ৰী ব্ৰহ্মই সংবাদ মাধ্যমৰ উল্লেখ কৰে যে, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্রজোঁটে ১০ খন আসনেই লাভ কৰিব। বাক্সা জিলাত নির্বাচনী প্ৰচাৰ সন্দৰ্ভত আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ এইদৰে কয়- ভইচ বিজেপি নেতা তথা মন্ত্রী পীযুষ হাজৰিকা আৰু অজয় কুমাৰ ৰায়ে বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰত নির্বাচনী সভাত অংশগ্ৰহণ কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে মাজৰাবাৰী আৰু পালেংবাৰীতো দুখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। অগপ সভাপতি তথা মন্ত্রী অতুল বৰাই আজি ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ গোৱালপাৰা জিলাৰ গোসাঁইডুবি আৰু সোণাৰিত নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে, অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বিজেপি নেতা জয়ন্ত মল্লবৰুৱাই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক