ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণলৈ মাজত ৫ টা দিন বাকী থকা অৱস্থাত নির্বাচন হবলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাদ আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। নির্বাচন হবলগীয়া ৪ টা সমষ্টি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত অঞ্চলসমূহত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোটদানৰ বাবে আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ইপিনে, নির্বাচন সুকলমে পৰিচালনাৰ বাবে ভোটগ্রহণ হ’বলগীয়া কেন্দ্ৰসমূহত নিৰ্বাচনী আয়োগৰ নিৰ্দেশনামৰ্মে সুৰক্ষা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা নির্বাচন বিভাগসমূহে নিশ্চিত কৰিছে। প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰলৈ আহি ভোটদান কৰাৰ বাবে ইচ্ছুক জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক ভোটদানৰ সুবিধা কৰি দিয়াৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱা হ’ব। তদুপৰি ৫০ শতাংশ ভোটগ্রহণ কেন্দ্ৰত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হ’ব। একেদৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী আৰু ই ভি এম কঢ়িয়াই নিয়া বাহনসমূহত জি পি এছ সংলগ্ন কৰা হ’ব।
Site Admin | May 1, 2024 9:12 PM | Election Commission of India
গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী
