গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈৰ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ

■ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে কালি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । বিশ্বিবিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে কালি তেওঁক আনুষ্ঠানিকভাৱে বিদায় জনায়। তেওঁ ২০১৯ চনৰ পৰা উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল। ড০ সন্দিকৈৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে নাকৰ এ প্লাছ গ্রেড আৰু ভাৰতৰ শীৰ্ষ ১০০খন শিক্ষানুষ্ঠানৰ মাজত স্থান লাভ কৰিছিল। ইফালে বিশ্ববিদ্যালয়খনৰ নতুনকৈ উপাচাৰ্যৰ দায়িত্ব লাভ কৰা অধ্যাপক ড০ ননীগোপাল মহন্তই আজি উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ কৰিব ।

অধিক পঢ়ক

সকলো চাওক