গুৱাহাটী জল ব’ৰ্ডৰ অধীনৰ বিভিন্ন স্থানত জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে পৰহিলৈৰ পৰা চলিবলগীয়া ৰব’টিক জৰীপৰ কাম সম্প্রতি স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত জল ব’র্ডে প্রকাশ কৰা অনুসৰি গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰহিলৈৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পৰ্যায় আৰু ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া তৃতীয় পৰ্যায়ৰ ৰব’টিক জৰীপৰ কাম স্থগিত ৰখা হৈছে।
অৱশ্যে গুৱাহাটীৰ তাৰকা গৃহৰ সমীপত পানী পৰিবাহী নলীৰ মেৰামতিৰ বাবে কাইলৈ আৰু পৰহিলৈ মহানগৰীৰ চিত্ৰাচল পথ, হেপ্পী ভিল্লা, জয়পুৰ, শিলপুখুৰী, লতাশীল, বাৰোৱাৰী, পাণবজাৰ, আঠগাঁও, বিষ্ণুপুৰ, ফাঁচী বজাৰ, নিজৰাপাৰ, পেন্সনপাৰা আৰু হেদায়ৎপুৰ এলেকাত পানীযোগান অব্যাহত থাকিব বুলি জল ব’র্ডে জানিবলৈ দিছে। পানী পৰিবাহী নলীৰ ৱেল্ডিং অর্থাৎ জোৰা লগোৱা অংশত ওলাব পৰা ছিদ্ৰকে ধৰি পানীযোগান ব্যৱস্থাত থকা বিভিন্ন আঁসোৱাহ পৰীক্ষাৰ বাবে জল ব’ৰ্ডে ১২ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ ৰব’টিক জৰীপ সম্পন্ন কৰে।