ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে’ল যোগাযোগ অধিক সুচল কৰাৰ বাবে ভাৰতীয় ৰে’লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰে’লগাড়ীখনে পুৱা ৯ বাজি ৫০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি ৪ বাজি ১৫ মিনিটত উত্তৰ লখিমপুৰ পাবগৈ আৰু বিয়লি ৫ বজাত উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰি নিশা ১১ বাজি ২৫ মিনিটত গুৱাহাটী পাবহি। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত এই ৰে’লগাড়ীখনৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। ইয়াৰ লগতে ৰে’লমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ আৰু গুৱাহাটী-নিউ বঙাইগাঁও যাত্ৰীবাহী ৰে’লগাড়ী দুখনো পতাকা জোকাৰি শুভাৰম্ভ কৰিব। একেদিনাই মন্ত্ৰীগৰাকীয়ে তেতেলীয়াত নিৰ্মাণ কৰা এখন পথ অভাৰব্ৰীজো উদ্বোধন কৰিব। ইয়াৰ পাছত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰো মন্ত্ৰী বৈষ্ণৱে ভার্চুৱেল ব্যৱস্থাৰে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নৱনিৰ্মিত এফ এম ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷
Site Admin | January 2, 2025 4:40 PM | Indian Railway | Indian Railway Dept.
গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ
