স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছৰ ভাগলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৪ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।
আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অৰুণাচল প্ৰদেশকে ধৰি অসম, মেঘালয় আৰু নাগালেণ্ডত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান হৈ থকাৰ আগলি বতৰা দিয়া হৈছে।
Site Admin | January 30, 2025 2:15 PM | Assam Weather | Guwahati Weather | IMD
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছৰ ভাগলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা
