ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যৌথভাৱে জাৰি কৰা সতর্কতামূলক জাননী উল্লেখ কৰা অনুসৰি প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত বাটপথত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ উপৰি দিছপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ কেতবোৰ এলেকা পানীৰে উপচি পৰাৰ সম্ভাৱনা আছে। ধাৰাষাৰ বৃষ্টিপাতৰ ফলত স্পৰ্শকাতৰ আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে যাতায়াত ব্যাহত হোৱাৰ আশংকাও জাননীখনত উল্লেখ কৰিছে। এনে কাৰণত পানী আৱদ্ধ হ’ব পৰা স্থানলৈ নাযাবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। ভূমিস্খলনৰ সম্ভাৱনা থকা এলেকা ত্যাগ কৰাৰ লগতে এই সম্পৰ্কীয় সংশ্লিষ্ট কর্তৃপক্ষই আগবঢ়োৱা সতৰ্কতামূলক পৰামৰ্শ মানি চলিবলৈ জাননীখনত উল্লেখ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক