ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটী আই আই টিৰ বিশেষজ্ঞৰ দলে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰ প্লেন প্ৰস্তুত কৰিবঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতিৰ বুজ লৈ অত্যাধুনিক প্রযুক্তিৰে কৃত্ৰিম বান সমাধানৰ আশ্বাস দিছে। নালিয়াপুলৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ তেওঁ বানৰ পৰা ৰাইজক সকাহ দিবলৈ সংশ্লিষ্ট বিষয়াসকলৰ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বেদখলকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ নাগৰিক সভাৰ পোষকতা কৰে। লগতে বিশেষজ্ঞসকলৰ মতামত, পৰামৰ্শ লৈ সমস্যাবোৰৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ তেওঁ বিষয়াসকলক নির্দেশ দিয়ে। গুৱাহাটী আই আই টিৰ বিশেষজ্ঞৰ দলে শীঘ্ৰে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰ প্লেন প্ৰস্তুত কৰাৰ লগতে তাৰ আধাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক