ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 6:52 PM | Jhumoir Binandini

printer

গুৱাহাটীৰ সৰুসজাইত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা আজি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে আজিৰ অন্তিম আখৰাত উপস্থিত থাকে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৰাজ্য চৰকাৰে অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৩৫০ গৰাকী অতিথিৰ উপস্থিতিত ঝুমইৰ বিনন্দিনী অনুষ্ঠান আয়োজিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ নেতৃত্বত আজি আহিবলগীয়া বিভিন্ন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ প্ৰতিনিধি দলে ঝুমুৰ নৃত্য উপভোগ কৰিব। ঝুমইৰ বিনন্দিনী অনুষ্ঠান ৮০০ খন চাহ বাগিছাত প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ বাবে চাহ বাগিছা কেইখনত এল ই ডি স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক