মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ কালি সামৰণি পৰে। অসম মন্ত্ৰীসভাৰ সদস্য আৰু চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যৰ প্রশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্মিলনৰ প্ৰথমটো দিনৰ প্ৰায় ১৩ ঘণ্টীয়া বৈঠকখনত ৰাজ্যখনত ভি আই পি সংস্কৃতি বন্ধ কৰা, মুখ্যমন্ত্ৰীয়ে কোনো জিলা ভ্রমণলৈ গ’লে কনভয়ত বাহনৰ সংখ্যা ১০ৰ পৰা ১২ৰ ভিতৰত সীমিত ৰখা, মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত নিৰাপত্তাৰ নামত বাঁহৰ বেৰিকেড দি জনসাধাৰণক হাৰাশাস্তি কৰাৰ পৰা বিৰত থকা, মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলক আপ্যায়নৰ ক্ষেত্ৰত ৰাজকীয় আহাৰৰ আয়োজনৰ পৰা বিৰত থকা আদি বহু সংস্কাৰমূলক পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিলা আয়ুক্তসকলক আহ্বান জনায়। অনুৰূপ ধৰণে অহা ২ অক্টোবৰৰ পৰা ৰাজ্যৰ উপ-জিলাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নীতি-নিৰ্দেশনা প্ৰদান কৰে। সামৰণী বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই, ৰাজ্য চৰকাৰে ইতিমধ্যে দুর্নীতি অবিহনে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হোৱা বিষয়টোৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ গুৰুত্ব লাভ কৰিছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা ২ অক্টোবৰত ৰাজ্যত মিছন বসুন্ধৰা ৩.০ আৰম্ভ হ’ব। অহা নৱেম্বৰ- ডিচেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰাৰ লগতে নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰা হ’ব।
Site Admin | July 31, 2024 10:59 AM | CM Conference