October 27, 2024 8:01 PM | assam cabinet

printer

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ’ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব আৰু বাকী ৪ মাহৰ বাবে কৰ্মচাৰীসকলক ৪ টা কিস্তিত বকেয়া প্রদান কৰা হ’ব। ৰাজ্য চৰকাৰে এই বৃদ্ধিৰ বাবে বছৰি অতিৰিক্ত ৮ কোটি ৫০ লাখ টকা ব্যয় কৰিব ৷ বাইট কেবিনেটে কমনৱেল্থ গেমছ আৰু অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ ধনুর্বিদ জয়ন্ত তালুকদাৰক উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াৰ প্ৰস্তাৱতো অনুমোদন জনাইছে। একেদৰে জীৱন্ত ৰাস উদযাপন কৰা ধৰ্মীয় অনুষ্ঠানসমূহকো ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে ৰাজ্যৰ জীৱাষ্ম ইন্ধনৰ পৰিৱৰ্তে গ্রীন অইল বা নেপিয়াৰ ঘাহৰ পৰা তেল প্ৰস্তুতৰ সম্ভাৱনীয়তাৰ অধ্যয়নৰ বাবে ৰিলাযেন্স বায়’ এনাৰ্জীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন দিছে। কেবিনেটে লগতে চৰকাৰী চিকিৎসালয়ৰ বাবে ঔষধ ক্রয়ৰ উদ্দেশ্যে ১৭৫ কোটি টকা আৰু আৰক্ষী বিভাগৰ সামগ্রিক উন্নয়নৰ বাবে ৰূপায়ণ কৰি থকা মৈত্ৰী আঁচনিৰ বাবদ ১৫০ কোটি টকা অনুমোদন দিছে। এই আঁচনিখনে ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ৰাজ্যিক কর্কট প্রতিষ্ঠান, আঞ্চলিক দন্ত মহাবিদ্যালয় আৰু চাহ বাগিছাৰ চিকিৎসালয়ত বিশেষ চিকিৎসাকে ধৰি ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ বিনামুলীয়াকৈ অত্যাবশ্যকীয় ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী আদিৰ যোগান ধৰিব। ৰাজ্যত চলি থকা বৃহৎ সংখ্যক আন্তঃগাথনি প্রকল্প নিয়াৰিকৈ সম্পন্ন কৰিবৰ বাবে আজি কেবিনেটে ৩৬ গৰাকী সহকাৰী অভিযন্তাক পুনৰ নিযুক্তিৰ বাবে অনুমোদন জনাইছে। কেবিনেটে মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ গাঁৱসমূহৰ তালিকা সংশোধন সম্পৰ্কে এখন জাননি জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়। তদুপৰি চাহ বাগিছাৰ কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষাৰ বাবে আজিৰ কেবিনেটে অসম চাহ খেতি ভৱিষ্যনিধি আৰু পেঞ্চন পুঁজি আঁচনিৰ দুটা দফা সংশোধনীত অনুমোদন জনাইছে। এই সংশোধনীৰ দ্বাৰা ১৫ হাজাৰ টকাৰ অধিক মজুৰি লাভ কৰা কৰ্মচাৰীসকলৰ ভৱিষ্যনিধিৰ ধন কৰ্তনৰ অনুমতি দিয়া হ’ব। ইপিনে, যাতায়াত আৰু জলসিঞ্চনৰ জৰিয়তে গ্ৰামোন্নয়নক উৎসাহিত কৰিবলৈ কেবিনেটে ৰাজ্যখনত ৯৭ টা গ্ৰাম্য পথ আৰু ৭০ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প নির্মাণতো অনুমোদন জনাইছে।

অধিক পঢ়ক

সকলো চাওক