গুৱাহাটী মহানগৰীৰ পশ্চিম জ্যোতিনগৰৰ কালিমন্দিৰৰ সমীপত বৃহস্পতিবাৰে হোৱা ধাৰাষাৰ বৰষুণৰ সময়ত নলাত পৰি সন্ধানহীন হোৱা ৮ বছৰীয়া শিশুটিৰ মৃতদেহ আজি ৰাজগড়ৰ এটা নলাত উদ্ধাৰ কৰা হয় ৷ শিশুটিৰ সন্ধানত এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু গুৱাহাটী পৌৰ নিগমৰ কৰ্মীয়ে ৩ দিন ধৰি অভিযান অব্যাহত ৰাখিছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অবিনাশ সৰকাৰ নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেঁও লগতে শিশুটিৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ উপৰি পিতৃ-মাতৃ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে শিশুটিৰ উদ্ধাৰ অভিযানত জড়িত এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু জিলা প্ৰশাসনৰ কৰ্মীসকলক তেওঁলোকৰ নিৰলস প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | July 7, 2024 7:26 PM | Guwahati Missing Child